আন আন আউটপুট ডিভাইচৰ বাবে ষ্টাইলশ্বীট যোগ কৰা

From Joomla! Documentation

This page is a translated version of the page Adding stylesheets for other output devices and the translation is 92% complete.

CSS ষ্টাইল শ্বীট ব্যৱহাৰ কৰি ৱেব পৃষ্ঠা ব্ৰাউজ কৰিবলৈ ব্যৱহাৰ হোৱা ডিভাইচৰ ওপৰত ভিত্তি কৰি নিৰ্দেশনা(ষ্টাইল)ৰ ছেট ব্যৱহাৰ কৰাটো সম্ভৱ।

মিডিয়াৰ প্ৰকাৰ

স্বীকৃতিপ্ৰাপ্ত মিডিয়াৰ প্ৰকাৰসমূহ হ'ল:

  • all - সকলো ডিভাইচৰ বাবে উপযুক্ত।
  • aural - কথা ছিণ্টেছাইজাৰৰ বাবে।
  • braille - ব্ৰেইলি স্পৰ্শ প্ৰতিক্ৰিয়া ডিভাইচৰ বাবে ইচ্ছাকৃত।
  • embossed - মুদ্ৰিত ব্ৰেইলি প্ৰিণ্টাৰৰ বাবে ইচ্ছাকৃত।
  • handheld - হেণ্ডহেল্ড ডিভাইচৰ বাবে ইচ্ছাকৃত।
  • print - মুদ্ৰিত পৃষ্ঠা ফৰ্মেট কৰিবলৈ ব্যৱহাৰ কৰা হয়।
  • projection - প্ৰজেক্টেড প্রজেণ্টেশ্যনৰ বাবে ইচ্ছাকৃত, উদাহৰণস্বৰূপে প্ৰজেক্টৰ বা স্বচ্ছতাত প্ৰিণ্ট।
  • screen - মূলতঃ ৰঙীন কম্পিউটাৰ স্ক্ৰীণৰ বাবে ইচ্ছাকৃত।
  • tty - টেলিটাইপ, টাৰ্মিনেল বা সীমিত ডিছপ্লে' ক্ষমতা থকা প'ৰ্টেবল ডিভাইচসমূহৰ দৰে ফিক্স্‌ড-পিট্‌চ কেৰেক্টাৰ গ্ৰিড ব্যৱহাৰ কৰা মিডিয়াৰ বাবে ইচ্ছাকৃত। লেখকসকলে "tty" মিডিয়াৰ প্ৰকাৰৰ সৈতে পিক্সেল উইনিট ব্যৱহাৰ কৰা উচিত নহয়।
  • tv - টেলিভিজনৰ দৰে ডিভাইচৰ বাবে ইচ্ছাকৃত (কম ৰেজ'লিউশ্যন, ৰং, সীমিত-স্ক্ৰ'লযোগ্যতা থকা স্ক্ৰীণ, শব্দ থকা)।

উদাহৰণ

আপুনি তলত দিয়া ছিণ্টেক্সেৰে কোনো CSS ডিক্লেৰেশ্যনৰ বাবে মিডিয়াৰ প্ৰকাৰ এছাইন কৰিব পাৰে।

@media print {
  body { 
    font-size: 12pt;
    font-color: #000000; 
  }
}

এটাতকৈ অধিক মিডিয়াৰ প্ৰকাৰৰ বাবে এটাতকৈ অধিক ডিক্লেৰেশ্যন ষ্টাইল এছাইন কৰিবলৈ:

@media print, handheld{
  body { 
    font-size: 12pt;
    font-color: #000000;
  }
  img {
    max-width: 100%;
    height: auto;
  }
}

নিৰ্দেশনাসমূহ মুখ্য CSS ফাইল নাইবা কোনো নিৰ্দিষ্ট মিডিয়াৰ প্ৰকাৰৰ বাবে পৃথক ষ্টাইল শ্বীটত ব্যৱহাৰ কৰিব পাৰি। টেমপ্লে'টসমূহৰ <head> শাখাত CSS ফাইলটো অন্তৰ্ভুক্ত কৰিবই লাগিব (তলত দিয়াখিনি Joomla! Beez টেমপ্লে'টৰ পৰা লোৱা হৈছে):

<link rel="stylesheet" href="<?php echo $this->baseurl ?>/templates/beez/css/print.css" type="text/css" media="Print" />

ষ্টাইলশ্বীট অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শমূলক উপায় হ'ল:

<?php
$document = JFactory::getDocument();
 $tpath = $this->baseurl . '/templates/' . $this->template;
$document->addStyleSheet( $tpath . '/css/print.css', 'text/css', 'print'); // arguments: $path, $type, $media
?>

এইধৰণে আপুনি নথি-পত্ৰত ষ্টাইলশ্বীট যোগ আৰু প্লাগিনসমূহৰ বাবে প্ৰাপ্য (যেনে- ষ্টাইলশ্বীট একলগ আৰু সংকুচিত কৰিবলৈ) হোৱাটো সুনিশ্চিত কৰে।