Portal

অধিক জানক

From Joomla! Documentation

Revision as of 06:58, 18 May 2024 by FuzzyBot (talk | contribs) (Updating to match new version of source page)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Joomla! এটা বঁটা বিজয়ী কণ্টেণ্ট মেনেজমেণ্ট ছিষ্টেম (চিএমএছ) যিয়ে আপোনাক ৱেব ছাইট আৰু প্ৰভাৱশালী অনলাইন এপ্লিকেশ্যন তৈয়াৰ কৰাত সক্ষম কৰে। সহজ ব্যৱহাৰ আৰু বিস্তাৰযোগ্যতাকে ধৰি বহুতো দিশে Joomla!ক আটাইতকৈ জনপ্ৰিয় ৱেব ছাইট ছ'ফ্টৱেৰ কৰি তুলিছে। আটাইতকৈ ভাল কথাটো হ'ল, Joomla! এক মুক্ত উৎসৰ সমাধান যিটো সকলোৰে বাবে বিনামূল্যে উপলব্ধ, ইয়াৰ মানে এয়াও যে আপুনি আপোনাৰ প্ৰয়োজন হিচাপে উৎস ক'ড সলনি কৰি সৰ্বাধিক লাভ অৰ্জন কৰিব পাৰে।

কণ্টেণ্ট মেনেজমেণ্ট ছিষ্টেম (চিএমএছ) কি বস্তু?

কণ্টেণ্ট মেনেজমেণ্ট ছিষ্টেম হ'ল এনে এটা ছ'ফ্টৱেৰ যিয়ে আপোনাৰ ৱেবছাইটৰ প্ৰতিটো অংশ ট্ৰেক কৰি ৰাখে, আপোনাৰ স্থানীয় ৰাজহুৱা পুথিভঁৰালে কিতাপ ট্ৰেক আৰু সঞ্চয় কৰাৰ দৰেই প্ৰায়। সাধাৰণ পাঠ, ফটো, সংগীত, ভিডিঅ', নথি বা আপুনি ভাবিব পৰা প্ৰায় যিকোনো বস্তুৱেই সমল হ'ব পাৰে। চিএমএছ ব্যৱহাৰ কৰাৰ এটা ডাঙৰ সুবিধা এয়া যে পৰিচালনা কৰিবলৈ ইয়াক প্ৰায় কোনো প্ৰযুক্তিগত দক্ষতা বা জ্ঞানৰ প্ৰয়োজন নহয়। চিএমএছ-এ আপোনাৰ সকলো সমল পৰিচালনা কৰে, গতিকে আপুনি কৰিব নালাগে। চিএমএছ-এ আপোনাক সহজেই আপোনাৰ সমল ট্ৰেক কৰিবলৈ দিয়ে আৰু আপোনাক আপোনাৰ সমল সৰ্বোচ্চ সম্ভৱ উপায়েৰে বিকাশ আৰু পৰিচালনা কৰাত সহায় কৰে।

Joomla!ই কৰিব পৰা কেইটামান বাস্তৱ জগতৰ উদাহৰণ কি কি?

সকলো আকাৰ-আকৃতিৰ ৱেব ছাইটক ক্ষমতা প্ৰদান কৰিবলৈ সমগ্ৰ বিশ্বজুৰি Joomla ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে:

  • কৰ্প'ৰেট ৱেব ছাইট বা প'ৰ্টেল
  • কৰ্প'ৰেট ইণ্ট্ৰানেট আৰু এক্সট্ৰানেট
  • অনলাইন আলোচনী, বাতৰি কাকত আৰু প্ৰকাশন
  • ই-কমাৰ্চ আৰু অনলাইন সংৰক্ষণ
  • চৰকাৰী এপ্লিকেশ্যন
  • ক্ষুদ্ৰ ব্যৱসায়িক ৱেব ছাইট
  • অলাভকাৰী আৰু সাংগঠনিক ৱেব ছাইট
  • সম্প্ৰদায় ভিত্তিক প'ৰ্টেল
  • স্কুল আৰু গিৰ্জা ঘৰৰ ৱেব ছাইট
  • ব্যক্তিগত বা পাৰিবাৰিক মুখ্যপৃষ্ঠা

Joomla কোনে ব্যৱহাৰ কৰে?

আপুনি প্ৰদৰ্শন ডাইৰেক্টৰীত গুণগত Joomla! ছাইটৰ বহুতো বঢ়িয়া উদাহৰণ চাব পাৰে

মই গ্ৰাহক এগৰাকীৰ বাবে ছাইট এটা তৈয়াৰ কৰিব লাগে। Joomla!ই মোক কেনেকৈ সহায় কৰিব?

আপুনি উন্নত ব্যৱহাৰকাৰী নহ'লেও ইনষ্টল আৰু ছেট আপ কৰিবলৈ সহজ হ'বলৈ Joomla! ডিজাইন কৰা হৈছে। বহুতো ৱেব হ'ষ্টিং সেৱাই এক-ক্লিক ইনষ্টল বা স্বয়ং ইনষ্টলাৰ প্ৰদান কৰে, যিয়ে আপোনাৰ নতুন ছাইটটো মাত্ৰ কেইমিনিটমানৰ ভিতৰতে আৰম্ভ কৰি চলাই দিয়ে।

যিহেতু Joomla ব্যৱহাৰ কৰাটো ইমান সহজ, এগৰাকী ৱেব ডিজাইনাৰ বা বিকাশকৰ্তা হিচাপে আপুনি দ্ৰুততাৰে আপোনাৰ গ্ৰাহকসকলৰ বাবে ছাইট তৈয়াৰ কৰিব পাৰে। তাৰ পাছত, নিম্নতম পৰিমাণৰ নিৰ্দেশনাৰে আপুনি আপোনাৰ গ্ৰাহকসকলক তেওঁলোকৰ নিজৰ ছাইট নিজেই সহজে পৰিচালনা কৰিবলৈ ক্ষমতা প্ৰদান কৰিব পাৰে।

যদি আপোনাৰ গ্ৰাহকসকলক বিশেষ কাৰ্যকাৰিতাৰ প্ৰয়োজন হয়, তেনেহ'লে Joomla! অতিকৈ বিস্তাৰযোগ্য আৰু Jomala! এক্সটেনশ্যন ডাইৰেক্টৰীত হাজাৰ হাজাৰ (বেছিভাগ GPL লাইচেঞ্চৰ অধীনত বিনামূলীয়াকৈ) উপলব্ধ।

ভৱিষ্যতে Joomla!ৰ সমৰ্থন থাকিব বুলি মই কেনেকৈ নিশ্চিত হ'ব পাৰোঁ?

বন্ধুত্বপূৰ্ণ ব্যৱহাৰকাৰী আৰু প্ৰতিভাৱান বিকাশকাৰীসকলৰ এক উৎসাহিত আৰু বাঢ়ি অহা সম্প্ৰদায়ে সাক্ষী হোৱামতে Joomla! হৈছে বৰ্তমানে উপলব্ধ আটাইতকৈ জনপ্ৰিয় মুক্ত উৎসৰ চিএমএম। 2000 চনত Joomlaৰ উৎপত্তি ঘটিছিল আৰু 2,00,000ৰো অধিক সম্প্ৰদায় ব্যৱহাৰকাৰী আৰু অৱদানকাৰী থকা Joomla! প্ৰকল্পৰ ভৱিষ্যত উজ্জ্বল দেখা গৈছে।

মই এগৰাকী বিকাশকৰ্তা। মই Joomla ব্যৱহাৰ কৰিব পৰা কেইটামান উন্নত উপায় কি কি?

বহুতো কোম্পানী আৰু সংস্থাৰ এনে প্ৰয়োজনীয়তা থাকে যি বুনিয়াদী Joomla! পেকেজত থকাখিনিকো পাৰ কৰি যায়। তেনেবোৰ ক্ষেত্ৰত Joomla-ৰ শক্তিশালী এপ্লিকেশ্যন ফ্ৰেমৱ'ৰ্কে বিকাশকাৰীসকলৰ বাবে প্ৰায় সীমাহীন দিশে Joomla-ৰ শক্তি বিস্তাৰিত কৰা জটিল এড-অন সৃষ্টি কৰাটো সহজ কৰি তোলে।

মূল Joomla ফ্ৰেমৱ'ৰ্কে বিকাশকৰ্তাসকলক এইবিলাক দ্ৰুতগতিত আৰু সহজে তৈয়াৰ কৰিবলৈ সক্ষম কৰে:

  • ইনভেণ্টৰী নিয়ন্ত্ৰণ প্ৰণালী
  • তথ্য প্ৰতিবেদন সঁজুলি
  • এপ্লিকেশ্যন ব্ৰীজ
  • কাষ্টম প্ৰডাক্ট কেটালগ
  • ইণ্টিগ্ৰেটেড ই-কমাৰ্চ প্ৰণালী
  • জটিল ব্যৱসায়িক ডাইৰেক্টৰী
  • সংৰক্ষণ প্ৰণালী
  • যোগাযোগ সঁজুলি

যিহেতু Joomla!ৰ আধাৰ হৈছে PHP আৰু MySQL, যিকোনো লোকে ব্যৱহাৰ, ভাগ-বতৰা আৰু সাহায্য কৰিব পৰা এক মুকলি মঞ্চত আপুনি শক্তিশালী এপ্লিকেশ্যন তৈয়াৰ কৰি আছে। Joomla! ফ্ৰেমৱ'ৰ্কৰ লাভ উঠোৱাৰ বিষয়ে অধিক জানিবলৈ Joomla! বিকাশকৰ্তা নেটৱৰ্কলৈ যাওক।

Joomla! মোৰ বাবে সঠিক সমাধান যেন লাগিছে। কেনেকৈ আৰম্ভ কৰোঁ?

Joomla! GPL লাইচেঞ্চৰ অধীনত যিকোনো লোকৰ বাবে বিনামূলীয়া, মুকলি আৰু উপলব্ধ। বুনিয়াদীখিনি জানিবলৈ Joomla! আৰম্ভ কৰা পঢ়াৰ পাছত launch.joomla.org-ত এটা বিনামূলীয়া ৱেবছাইট মুকলি কৰক আৰু আপুনি সোনকালেই গম পাব যে Joomla! কিমান সহজ। যদি আপুনি Joomla ইনষ্টল কৰিবলৈ সাজু, তেন্তে ইয়াত শেহতীয়া সংস্কৰণ ডাউনল'ড কৰক। আপুনি Joomla! ইনষ্টল কৰা নিৰ্দেশনা অনুসৰণ কৰি খন্তেকতে আৰম্ভ কৰি চলাই থাকিব পাৰিব।

শ্ৰেয় আৰু কৃতজ্ঞতা

বিশ্বস্তৰৰ মুক্ত উৎসৰ ছ'ফ্টৱেৰ তৈয়াৰ কৰিবলৈ সম্প্ৰদায়ৰ সদস্যসকল আৰু অংশীদাৰ ব্যৱসায়সমূহৰ পৰা বহুত বেছি সক্ৰিয় সাহায্যৰ প্ৰয়োজন।